চীনে বনালে নেকি কৰ’না ভাইৰাছ

0
চীনে-বনালে-নেকি-কৰ'না-ভইৰাছ
চীনে বনালে নেকি কৰ'না ভইৰাছ

  চীনে বনালে নেকি কৰ’না ভাইৰাছ

ইটিমধ্য আপোনালোকে গম পাইছে যে নবেল কৰ’না ভইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে চীনৰ ওপৰত সমগ্ৰ বিশ্বৰ অধিকাংশ দেশেই খৰ্গহস্থ হৈ আছে গতিকে আজি আমি আলোচা কৰিম কৰ’না ভইৰাছ চীনৰ জৈৱ অস্ত্ৰ নেকি, বিশ্বক ধ্বংস কৰিবৰ বাবে চীনে এই নবেল কৰ’না ভইৰাছ ভাইৰলজীকেল লেবৰেটৰীত বনাইছে নেকি? ইটিমধ্য সমগ্ৰ দেশতেই ব্যাপক ভাৱে এই বিষয়ত বিভিন্ন গুজব চলি আছে

গতিকে আমি বিশ্লেষণ কৰিম যে বিজ্ঞানী সকলে কি কয়। চীনৰ লেবৰেটৰীত HIV, SARS আদি বেমাৰৰ ভাইৰাছ সংযোগ ঘটাই ইয়াক জেনেটিক ইঞ্জিনিয়াৰিং প্ৰযুক্তিৰে নিৰ্মাণ কৰিছে নেকি ইয়াৰ বিষয়েও সকলো বোৰ পুংশানুপুংশ ভাৱে আলোচনা কৰিম 

প্ৰথম কথা হল কৰ’না ভইৰাছৰ পাৰ্দূভাৱ বিশ্বত যিমানেই বৃদ্ধি হৈ আহিছে তাৰ লগে লগে একাংশই কিন্তু ব্যাপক ভাৱে চছিয়েল মেডিয়াত বিভিন্ন ধৰণৰ ভুল তথ্যই জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ।

   প্ৰথম ৰিউমাৰটো হল

আপোনালোক সকলোৰে হোৱাটচএপত চাগে এখন ছবি সহ এটা মেচেজ আহিচে ছবিখনত এটা নাম লিখা আছে COVID-19 ভেকচিন এই বাৰ্তা কেৱল ইণ্ডিয়াই নহয় সমগ্ৰ বিশ্বতেই চাৰকুলেট হৈছে, যে বিশ্ব ত্ৰাস COVID-19 ৰ ভেক্সিন উলাই গল, খুওব সোনকালেই বজাৰত উপলব্ধ হব। ই এটা মিছা বাতৰি। কৰ’না ভইৰাছৰ কোনো ধৰণৰ ভেক্সিন বা মেডিচিন এতিয়ালৈকে প্ৰস্তুত কৰা হোৱা নায় এই ভেক্সিন পৰীক্ষামূলক অৱস্থাতেই আছে আৰু সফলতা লাভ কৰাৰ পাছত ইয়াক নিশ্চিত ভাৱে প্ৰস্তুত কৰা হব, আৰু তাৰ বাবে প্ৰাই ৭ মাহৰ পৰা ১ বছৰ পৰ্যন্ত প্ৰয়োজন হবও পাৰে।

    বিশ্ব স্বাস্থ্য সন্থাইয়ও ইতিমধ্যে এই মিছা বতৰি ৰোধ কৰিব বাবে যথেষ্ট চেষ্টা কৰিছে WHO এ কৈছে যে, কৰ’না ভইৰাছৰ এতিয়ালৈকে কোনোধৰণৰ আৰোগ্য কাৰী ঔষধ  প্ৰস্তুত হোৱা নায়।

WHO এও এই নবেল কৰ’না ভইৰাছৰ বিষয়ত যথেষ্ট ভুল কৰি থৈছে। এই ভাইৰাচে সৃষ্টি কৰা ৰোগক মহামাৰী ঘোষণা কৰাত বহুত দেৰি কৰি দিলে। এই বিষয়ত এতিয়া আমি আলোচনা নকৰো। কিন্তু বৰ্তমান সময়ত WHO এ ভূৱা প্ৰচাৰক গুৰুত্ব নিদিবলৈ বাৰে বাৰে জনসাধাৰনক সাৱধান কৰি আছেইতিমধ্যে এমাজন নামৰ অনলাইন ব্যৱসায়ীক প্ৰতিষ্ঠানটোৱে কৰোনা বা COVID-19 ৰোগৰ আৰোগ্য কাৰী ঔষধী বুলি উল্লেখ কৰা সামগ্ৰীবোৰ জনসাধাৰণ যাতে বিভ্ৰান্ত নহয় তাৰ বাবে ৱেবচাইটৰ পৰা আঁতৰাই দিছেফেচবোকতো মাৰ্ক জোকাৰৰ্বাগে জনসাধাৰণক সজাগ কৰিব বাবে বিনামূলীয়াকৈ কৰ’না ভইৰাছৰ সজাগতা মূলক বিজ্ঞাপন প্ৰচাৰ কৰিছে যাতে কোনো ধৰণৰ ভুল বাৰ্তাই জনসাধাৰণক বিবুদ্ধিত পেলাব নোৱাৰে তাৰ বাবে WHO দিন ৰাত নানা ধৰণৰ প্ৰচেষ্টাত অব্যাহত ৰাখিছে

এতিয়া আহো ষড়যন্ত্ৰমূলক প্ৰচাৰৰ সন্দৰ্ভলৈঃ

          নৱেল কৰ’না ভইৰাছ চীনৰ জৈৱিক অস্ত্ৰ নেকি? এতিয়া সৰ্ব্বত্তে চলি থকা গুজবলৈ আচলতে আমাৰ সাধাৰণ জনতাৰ মাজত এনেকুৱা ৰিওমাৰ বা গুজব ওলাই আছে।

প্ৰথম গুজবটো হবঃ-

চীনে এই ভাইৰাচ লেবৰটীত প্ৰস্তুত কৰিছে, WUHAN INSTITUTE OF VIROLOGY (WIV) পৰা এই ভাইৰাচৰ সংক্ৰমন ঘটিছে, ইয়াক জেনেটিকেল ইঞ্জিনিয়াৰিং পদ্ধতিৰে বনোৱা হৈছে। আৰু তাৰ পাছত ইয়াক মানুহৰ মাজত এৰি দিয়া হৈছে। এই কাৰ্যৰ লগত আম্বেলা কৰ্পৰেচন নামৰ এটা চীনৰ সংস্থা জড়িত হৈ আছে। 

দ্বিতীয় গুজবটো হলঃ-

চীনে এই ভাইৰাচ বনালে আৰ্ৰু ইয়াৰ পাছত ইয়াৰ এন্টিবডি বনাব আৰু সমগ্ৰ বিশ্বতে বেপাৰ কৰিব আৰু চীন দেশৰ অৰ্থনীতি শক্তিশালী কৰিব

তৃতীয় গুজবটো হলঃ-

চীনত কৰ’না ভইৰাছৰ সংক্ৰমন হোৱা আগতেই কোৱা হৈছিল যে ওহানত নবেল কৰ’না ভইৰাছৰ সংক্ৰমন হব ইও এটা ৰিওমাৰ এখন কিতাপৰ দুটা পৃষ্ঠা প্ৰৰ্দশন কৰা হল যে ১৯৮১ ত এই কিতাপ খন লিখা হৈছিল নাম আইচ অফ ডাৰ্কনেচ ইয়াৰ এটা পেৰেগ্ৰাফত উল্লেখ কৰা হল যে ওহান ৪০০ নামেৰে এটা ভাইৰাচ যিটো কিতাপখনত ডাঙৰ ডাঙৰ হৰফেৰে লিখা আছিল। তাত উল্লখকৰ আছিল যে এই ভাইৰাচ চীনৰ ওহানৰ লেবৰেটৰীত সংৰক্ষণ কৰি ৰখা হৈছে আৰু প্ৰয়োজন সাপেক্ষে ইয়াক চীনে চুপাৰ পাৱাৰ হবৰ বাবে ব্যৱহাৰ কৰিব পাৰিব এই সম্পৰ্কে কংগ্ৰেছৰ সাংসদ মানিশ টিওৱাৰিয়েও এটা টুইট কৰিছিল আৰু এই পষ্টটো বিভিন্ন ৰাজনৈতিক নেতাই ৰি টুইট কৰি থকা দেখা গৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড টাম্পে এই কথা কৈ থাকে, COVID-19 চীনৰ বায়লজিকেল অৰ্থাত জৈৱিক অস্ত্ৰ হয়। আমেৰিকা এজন চেনিটৰ থমাছ বি. কটনে তো স্পষ্ট ভাৱে চীনে নবেল কৰ’না ভইৰাছ বনোৱা বুলিয়েই কৈ দিলে ২০১৭ চনত এজন মলিকিওলাৰ বায়লজীষ্ট ৰিৰ্ছাট এলবাইট, তেওঁ টো বিশ্ববাসীক সাবধান কৰি কলে যে চীনৰ যি WUHAN, এই WUHAN  WUHAN INSTITUTI OF VIROLOGY, তাতে এটা বায়চেপ্তি লেব বনোৱা হৈছে। বায়চেফটি লেবত  ভাইৰাছ, বেক্টেৰিয়া আদিৰ পৰীক্ষা নিৰীক্ষা চলোৱা হয় আৰু সকলোবোৰ সাৱধানতা অৱলম্বন কৰা হয়, যাতে এই ভাইৰাছ, বেক্টেৰিয়াবোৰ বাহিৰলৈ ওলাব নোৱাৰে। কিন্তু এই খিনিতেই আপোনালোক এটা কথা কৈ থওঁ- সকলো বোৰ দেশতেই বায়চেপ্টি লেব থাকে, কাৰণ মানুহৰ দেহত বেক্টেৰিয়া, ভাইৰাছ আদিৰ দ্বাৰা সৃষ্টি হোৱা ৰোগটো ভাল কৰিব লাগিব। গতিকে ইয়াৰ পৰীক্ষা নিৰীক্ষা কৰিবই লাগিব, নহলে বিভিন্ন ৰোগ প্ৰতিৰোধী ভেক্সিন বোৰ কেনেকৈ বনাব কিন্তু যিজন মলিকিউলাৰ বাইঅলজিষ্ট ৰিৰ্ছাট এলবাট, তেঁও বিশ্ববাসীক সৰ্তক কৰি দিলে চীনত বায়লজীকেল ৱেপন বনোৱা হৈছে বুলি। আৰু পৰৱৰ্তী সময়তল এতিয়াৰ বাক যুদ্ধ আমি সকলোৱে দেখিছো। আমেৰিকাই চীনে বনাইছে বুলি কয় আৰু চীনে আমেৰিকাই বনোৱা বুলি কয়। আনফালেতো আৰবীয়ান দেশ সমূহে কব বিছাৰে এই ভাইৰাছ ইজৰাইলে বনাইচেমাজতে আকৌ আমৰিকাই ৰাচিয়াক টানি আনি কয় ৰাচিয়াই মিছা বাতৰি প্ৰচাৰ কৰি আছে ইৰাণে আকৌ কৈছে ইহুদিয়ে এই ভাইৰাচ বনাইছে আৰু ইহতে ইয়াৰ এন্টিবডি বনাব। আদি কত কিমান যে গুজব, উৰা বাতৰি! কিমান শুনিব মূঠতে এখনে এখন দেশৰ পাছত লাগি গৈছে কিন্তু ইয়াৰ প্ৰকৃত সত্য কি?

এই বোৰ চব কূটনৈতিক খেল কোনে কাক কিমান কূটনৈতিক ভাৱে হেঁচা প্ৰয়োগ কৰিব পাৰে তাৰেই এটা কৌশল এইবোৰকে CONSIPIRACY বুলি কোৱা হয়। যাৰ কোনো তথ্য প্ৰমান নাই, যি কেৱল উৰা বাতৰি প্ৰচাৰ কৰে তকে CONSIPIRACY বুলি কোৱা হয়।

কোনো ধৰণৰ তথ্য প্ৰমান নাই হব পাৰে ইয়াক চীনে বনাইচে, হব পাৰে ইয়াক আমেৰিকা বা ইজৰাইলে লেবৰেটৰীত বনাইছে, কিন্তু ইয়াৰটো কোনো তথ্য প্ৰমান নাই। WUHAN INSTITUE OF VIROLOGY ৰ যিজন মূখ্য গৱেষক SHANGYIN,  তেওঁ কৈছে যে মই শততাৰে বিশ্ববাসীক জনাও যে এই ভইৰাছ WUHAN INSTITUE OF VIROLOGY ত প্ৰস্তুত কৰা হোৱা নাই আৰু এই ভাইৰাছ আমাৰ প্ৰতিষ্ঠানত নায় অন্যহাতে বহু বিজ্ঞানীয়ে মত প্ৰকাশ কৰিছে যে WIV কোনো ধৰনৰ বায়লজিকেল ৱেপন বনাবৰ বাবে সুবিধাজনক নহয় আৰু ইয়াত ভাইৰাছ বনোৱাটো কোনো পধ্যে সম্ভৰ নহয়।

বায়লজিকেল ৱেপন বনাব পাৰি, এইটোতো বনোৱাটো সম্ভৱবনাইছে। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকাই ভাইৰাছ বনাইছে কিন্তু ইয়াক কেতিয়াও ব্যৱহাৰ কৰা নায় ১৯৬৯ ত MPTI নিউক্লিয়াৰ প্ৰতিবন্ধী লগোৱা হয়, আৰু ১৯৭৫ চনত  বায়লেজিকেল প্ৰতিবন্ধী লগোৱা হয়। ২৬ মাৰ্চত ১৯৭৫ দেশ সমূহে চুক্তিৰ স্বাক্ষৰ কৰিলে, ইয়াৰ ভিতৰত আমেৰিকা, চাইনাকে ধৰি ১৮৩ খন দেশে স্বাক্ষৰ কৰি কলে যে আমি কোনো ধৰণৰ বায় ৱেপনৰ গৱেষণা নকৰো আৰু ইয়াক প্ৰস্তুত নকৰোএই বাঅলজিকেল অস্ত্ৰ অতি ভয়াবহ পাৰমানৱিক অস্ত্ৰতকৈও ভৱাবহ! আপোনালোকেতো দেখিলে, যদি এখন দেশত প্ৰয়োগ কৰা হয় তেতিয়াতো ই কেৱল সেই দেশতেই আৱদ্ধ থাকিব তেনে নহয়। সমগ্ৰ বিশ্বকেই ই ধংস কৰিব পেলাব গতিকে এই বায় ৱেপন ৰিৰ্চাজ কৰিবই নোৱাৰে ইয়াক বনোৱা কথাই আহি নপৰে হয়তো বনাব বা গৱেষণা কৰি থাকিবও পাৰে কিন্তু ইয়াৰ কোন তথ্য প্ৰমান বৰ্তমানলৈকে পোৱা নাই।

এতিয়া আহো চাইনালৈঃ

চাইনাই ইয়াক বনালেনে? এগৰাকী বিখ্যাত বিজ্ঞানী K.J Anderson ‘Nature communications wos’ ৰ লিখক, তেঁখেতে স্পষ্ট ভাবে কয় যে, যেতিয়া এই ভাইৰাছৰ জীনৰ বিশ্লেষণ কৰিলে তেতিয়া ইয়াক কোনো ফালৰ পৰাই আৰটিফিচিয়েল পোৱা নগল ই প্ৰাকৃতিক ভাৱে জীনৰ পৰিৱৰ্তনহৈ সৃষ্টি হোৱা এটা ভাইৰাছ

যদি ইয়াক অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি জেনেটিক ইঞ্জিনিয়াৰ পদ্ধতিৰে বনোৱা হল হেতেন, ইয়াক সহজতে ধৰা পেলাব পাৰিলে হেতেন। এটা ভাইৰাচৰ গঠন কেপচুল, এচ পটিন, ই প্ৰটিন, এম এন প্ৰটিন আদি বোৰেৰে হয় আৰু এইবোৰ বিশ্লেষণ কাৰৰ পাছত বৈজ্ঞানীক সকলে, গৱেষক সকলে নিশ্চিত কৰিব পাৰে ই বনোৱা নে প্ৰাকৃতিক ভাবে সৃস্থ প্ৰাকৃতিক ভৱে সৃষ্টি আৰু বনোৱা বস্তুৰ পাথ্যৰ্কটো সহজতে ধৰিব পাৰি। আৰু যি বোৰ দেশে ইয়াক অধ্যয়ন কৰিছে চাইনাই, অষ্টেলিয়া আদি যিবোৰ দেশৰ বৈজ্ঞানীকে, গৱেষকে ইয়াক পৰীক্ষা নিৰীক্ষা  কৰিলে, তেওঁ লোকে প্ৰকাশ কৰিলে যে ইয়াক তৈয়াৰ কৰা নায়, ই প্ৰাকৃতিক ভাৱে জিনৰ পৰিৱতৰ্ন ঘটি সৃষ্টি হোৱা এটা ভাইৰাচ, কিন্তু বিজ্ঞানীক সকলে ইয়াৰ সঠিক উতস বৰ্তমানলৈকে উলিব পৰা নাইএটা ধাৰণাহে কৰিছে যে চীনৰ WUHAN এখন মাংৰ বজাৰৰ পৰা এই ভাইৰাচ সংক্ৰমন ঘটিছে। ২০০০ বৰ্ষৰ পৰাই কিন্তু বৰ্তমানলৈকে এই বজাৰ চলি আছে অৱশ্যে এই বজাৰ খনত সাপ, বেং, ভেকুলি, পৰা আৰম্ভ কৰি  নিগনি, নেউল, পেংগুলিন, বান্দৰ, জেঠী, বাদুলী, আদি বিভিন্ন ধৰণৰ নাখব লগীয়া জীৱ জন্তু এই বজাৰ খনত বিক্ৰী কৰা যায়। প্ৰথমেতো বাদুলীৰ পৰা এই ভাইাছ সংক্ৰমন হোৱা বুলি কোৱা হৈছিল। কিন্তু এতিয়া শেহতীয়াকৈ পেংগুলিনৰ পৰা অহা বুলি কোৱা হৈছে। এইটোও সত্য যে এই ভাইৰাছ জন্তুৰ পৰাই মানুহৰ গালৈ আহিছে। গতিকে বিজ্ঞানী সকলৰ সকলো ধৰণৰ পৰীক্ষাৰ পাছত তেঁওলোকে কৈছে যে, ইয়াক লেবৰেটৰীত প্ৰস্তু কৰা হোৱা নাই।

কিন্তু আমেৰিকাৰ এজন চেনিটৰ টমাচ ব্ৰিয়ান্ট কটনেটো স্পষ্ট ভাৱে কৈয়ে দিছে যে নবেল কৰ’না ভইৰাছ চীনে লেবৰেটীত প্ৰস্তুত কৰিছে। আচলতে আমাৰ মানৱ প্ৰজাতীৰ এটা পোৰণা অভ্যাস তিলটোকে টালটো কৰাগতিকে কোনোবাই কিবা এটা কলে আমি লাগি গলো। তাতে আকৌ আমেৰিকাইটো যি কোনো প্ৰকাৰে চীনক বিশ্ববাসীৰ মাজত ভাৰ্ৱমূতি বিনস্ত কৰিব বাবে উঠি পৰি লাগি আছে কিন্তু আমি এনেধৰণৰ অপ প্ৰচাৰৰ পৰা আঁতৰি থাকিব লাগে। ৰিওমাৰৰ বাবেই এখন সমাজ, এখন দেশ ধংস হৈ যাব পাৰে। গতিকে এনেধৰণৰ ৰিউমাৰ কেতিয়াবা অতি ভয়ংকৰ হৈ উঠিব পাৰে।

৯০ শতাংশ বিজ্ঞানীয়ে ইতিমধ্যে ইয়াৰ সত্যতা অস্কীকাৰ কৰিছে এই ভাইৰাছ হাজাৰ হাজাৰ বছৰ পূৰণা হয়। ২০০৩ বৰ্ষত যিটো চাৰ্চ নামৰ মহামাৰী হৈছিল সেইটোও এই কৰ’না ভইৰাছৰ পৰাই হৈছিল২০০৩ MERS,  যিটো আৰবত হৈছিল।

             মই এইটো কথা কব বিছৰা নাই যে চীন নিৰ্দোষী চীনো জগৰীয়া চীনে এনেকুৱা এটা ভাইৰাছৰ সংক্ৰমনৰ তথ্য লুকুৱাই ৰাখিবলৈ চেষ্টা কৰি বিশ্ববাসীক মহা সংকটৰ মুখলৈ থেলি দিলে আৰু বিশ্ব স্বাস্থ্য সন্থাইও ইয়াৰ বাবে ১০০ শতাংশ জগৰীয়া যাৰ বাবে আজি সমগ্ৰ বিশ্বই ইয়াৰ ফল ভুগ কৰিব লগা হৈছে। চীনেতো ইয়াক WUHAN ভাইৰাছ বুলি কৱাতো বাধা আৰোপ কৰিব বিছাৰে WUHAN ত উতপতি হৈছে কাৰণে WUHAN ভাইৰাচ বুলিযেই কব লাগিব। হয় চীনে ইয়াক বনোৱা নায়। ইয়াক চীনে বনোৱা কোনো তথ্য প্ৰমান পোৱা নাই কিন্তু ইয়াৰ অভিকেন্দ্ৰ যিহেতু WUHAN, গতিকে ইয়াক ওহান ভাইৰাচ বুলি কোৱাতোত আপত্তি থাকিব নালাগে

আৰু এটা অপ প্ৰচাৰ এই টো যে, এই ভাইৰাছ বেইজিংঅত সংক্ৰমন ঘটা নাই। কিন্তু এই ভাইৰাছ বেইজিংটো সংক্ৰমন ঘটিছে, আৰু চীনৰো হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে

আৰু এটা কথাও আমি দেখিছো, আৰু এই খবৰবোৰ সবিস্তাৰে প্ৰচাৰ হৈ আছে যে, ৰাচিয়াত এই ভাইৰাছৰ সংক্ৰমন হোৱা নাই ইও চীনৰ অভিসন্ধি আদি কথা বোৰ। আচলতে এই ভাইৰাছ মানুহৰ গাৰ পৰা আন মানুহৰ গালৈ যায়। গতিকে ইয়াক বহন কৰিতো লৈ যাব লাগিব। গতিকে ৰাছিয়ালৈ চীনৰ পৰ্যটক যোৱা নায় বা চীনৰো পৰ্যটক ৰাচিয়ালৈ যোৱা নায়। গতিকে সংক্ৰমন হোৱা নাই। সেইটো স্বাভাৱিক।

এই বোৰ চব হয়তো আমেৰিকা বাবেই হব পাৰে, গতিকে এই সমগ্ৰ অপ প্ৰচাৰ যি প্ৰভাৱ তাৰ পৰা আমি বাছি থাকিব লাগিব। আমি সদায় এটা ধনাত্মক চিন্তা কৰিব লাগিব। আমি দেশ বিদেশৰ বৈজ্ঞানিক সকলে কি কৈছে তেওঁলোকৰ শ শ গবেষণা পত্ৰ ইতিমধ্যে নেটত উপলব্ধ হৈছে। এই বোৰ পঢ়িলে এটা স্পষ্ট ধাৰণা পাব। গতিকে আমি অন্ধ ভাৱে বিশ্বাস নকৰো তথ্য আৰু প্ৰমানৰ অবিহনে আমি কাকো ১০০ শতাংশ জগৰীয়া কৰিব নোৱাৰো। আমাৰ লক্ষ্য আমাৰ ৰাজ্য শক্তিশালী কৰিব লাগিব আমাৰ দেশ শক্তিশালী কৰিব লাগিব। বিশ্বৰ বুকুত ভাৰতবৰ্ষ জিলিকি থাকিব লাগিব। এইয়াই হব আমাৰ লক্ষ্য।

জয় আই অসম! জয় ভাৰত!  

ডা.হৰিকান্ত দাস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here