কৰ’না ভইৰাছ প্ৰথম খবৰ দিয়া বিখ্যাত চিকিৎসক লি ৱেনলিয়াংঅক চীনে হত্যা কৰিলে নেকি

0
চীনে-হত্যা-কৰিলে-নেকি-কৰোনা-প্ৰথম-ভাইৰাচৰ-খবৰ-দিয়া-বিখ্যাত-চিকিৎসক-লি-ৱেন-লিয়াং-অক
চীনে হত্যা কৰিলে নেকি কৰোনা প্ৰথম ভাইৰাচৰ খবৰ দিয়া বিখ্যাত চিকিৎসক লি ৱেনলিয়াংঅক

চীনে হত্যা কৰিলে নেকি  প্ৰথম কৰ’না ভইৰাছ ভাইৰাচৰ খবৰ দিয়া বিখ্যাত চিকিসক লি ৱেনলিয়াংঅক

এজন চিকিৎসক লি ৱেন লিংয়াং যি প্ৰথম কৰ’না ভইৰাছৰ সম্পৰ্কে খবৰ দিছিল। চিনৰ Wuhan ত যেতিয়া বহু মানুহৰ জ্বৰ কাঁহ বুকুৰ বিষ আদিৰ লক্ষণৰ দৰে এটা বেমাৰ হৈছিল, সেই সময়ত অৰ্থাৎ ডিচেম্বৰ মাহত তেওঁ প্ৰথমে এই বেমাৰৰ সন্দৰ্ভত সতৰ্কীকৰণ কৰি তেওঁলোকৰ এটা ছছিয়েল মিডিয়াৰ ডাক্তৰ সকলৰ ব্যক্তিগত গ্ৰুপত কৈছিল যে, Wuhan ত এটা দুৰাৰোগ্য বেমাৰে দেখা দিছে। আৰু এই বেমাৰ খুচৰা হয়। গতিকে সকলো সাৱধান হব লাগে নহলে দেশবাসী বিপদত পৰিব। সেই বাৰ্তা চীনৰ চছিয়েল মেডিয়াত ব্যাপক ভাৱে প্ৰচাৰ হোৱাত স্থানীয় প্ৰশাসনে ডাক্তৰ লি ৱেনলিয়াং অক ধমক দিলে আৰু কলে যে এনে ধৰণৰ অপপ্ৰচাৰ চলাবলৈ পুনৰ যদি চেষ্টা কৰে তেনে হলে তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহন কৰিব। এই সুদক্ষ চিকিৎসক জনৰ সাৱধান বানী উলাই কৰাই নহয় তেওঁ মিচা বাতৰি প্ৰচাৰ কৰা বুলি দাবী ধমকীৰে চিকিৎসক জনৰ মুখ বন্ধ কৰি দিয়া পাচতেই চীনত এই COVID-19 মহামাৰীয়ে তীব্ৰ ৰোপ ধাৰণ কৰি সমগ্ৰ বিশ্বতেই এই মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিলে।

হয়তো চীন চৰকাৰে বিষয়টো প্ৰথম অৱস্থাত ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল আৰু এই কৰ’না ভইৰাছে যে ইমান ভয়াবহ ৰুপ ধাৰণ কৰিব সেই কথা হয়তো অনুমানেই কৰিব পৰা নাছিল।

অজি এই মহান চিকিৎসক জন এই পৃথীবীৰ পৰা নোহোৱা হৈ গল। তেখেঁতৰ কৰ’না ভইৰাছৰ সংক্ৰমনত মৃত্যু ঘটিল। তেখেঁতক চীনে হত্যা কৰিলে  বুলি বহুতে কব বিচাৰে এই কথা সচাঁ নে মিঁচা  আমি  পিছত আলোচনা কৰিম, প্ৰথমে তেখেঁতৰ বিষয়ে কিছু কথা  জনাম  আৰু ডিচেম্বৰ ২০১৯ চনৰ সেই বিশেষ মাহটোত কি সংঘটিত হৈছিল সেই বিষয়ে  জানো আহকছোন।

ডাঃ লি ৱেনলিয়াং-

এই বিখ্যাত চিকিৎসক জনৰ জন্ম হৈছিল ১২ অক্টোবৰ ১৯৮৬ চনত বেইজিংঅত। জানিব পৰা মতে তেখেঁতে অতি অমায়ীক, ধৰ্য্যশীল আৰু মানৱ সেৱাৰ মনোভাৱ থকা সৰল মনৰ ব্যক্তি আছিল। তেখেঁতে ২০০৮ বৰ্ষত চিনৰ যি ৰাষ্ট্ৰীয় প্ৰবেশ পৰীক্ষা, সেই পৰীক্ষাত সাৰ্বাধিক নম্বৰ লাভ কৰি উৰ্ত্তীণ হয় আৰু তাৰ পাছত WHUHAN UNIVERSITY SCHOOL OF MEDICINE ত ডাক্তৰী পঢ়িবলৈ যায়। তেওঁ সেই বিশ্ব বিদ্যালয়ত ৭ বছৰ অধ্যয়ন কৰে আৰু এজন সফল চিকিৎসক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ পাছত তেওঁ চীনৰ কমিউনিচ পাৰ্টি অৱ চাইনাত যোগদান কৰে।

২০১১ ত তেখেঁতে স্নাতক ড্ৰিগ্ৰী সৰ্ম্পণ কৰে আৰু ইয়াৰ পাছত তেখেঁতে WUHAN চেন্টেল হস্পিটেলত অপথেলমলজিষ্ট (OPHTHALMOLOGIST) হিচাপে চাকৰীত যোগদান কৰে। আৰু এই WUHAN ৰ পৰাই কৰ’না ভইৰাছ উৎপত্তি হৈছে বা COVID-19 ৰোগৰ উৎপত্তি হৈছে। আপোনালোক সকলোৱে জানেই প্ৰথমে চীন আৰু এতিয়া সমগ্ৰ দেশতেই ইয়াৰ ধংস লীলা চলি আছে। আৰু অতী দক্ষতাৰে চীনে ইয়াক নিয়ন্ত্ৰণ কৰি ললে। এই ভাইৰাছ সম্পৰ্কত চীন চৰকাৰে দাবীকৰা অনুসৰি যোৱা ২০১৯ ৰ অক্টোবৰত চীনৰ WUHAN প্ৰদেশত WORLD ATHELETIC MEET ৰ অনুষ্ঠিত হৈছিল আৰু সেই অনুষ্ঠানত USA ৰ ৩ শতাধিক সন্যই অংশ গ্ৰহণ কৰিছিল। আৰু আমেৰিকাৰ সেই সৈনিক সকলে স্থানীয় প্ৰশাসনে মানাকৰাৰ সত্বেও WUHAN প্ৰদেশৰ বিভিন্ন থাইত সন্দেহজনক ভাবে ঘুৰি ফুৰিছিল আৰু এই সৈনিক একাংশৰ গাতে এই ভাইৰাছ সংক্ৰমিত হৈ অহা বুলি দাবী কৰে। লগতে USA ৰাষ্ট্ৰপতি ডনাল্ড টাম্পে এই নবেল কৰ’না ভইৰাছক চীনা ভাইৰাছ বুলি চীনলৈ আঙুলি টোৱাৰ সম্পৰ্কটো চীনে তীব্ৰ বিৰোধিতা কৰি অক্টোবৰত চীনৰ WORLD ATHELETIC MEET ভাগ লবলৈ অহা USA ৰ সৈনিক সকলৰ সেই সময়ৰ মেডিকেল ৰিপৰ্ট বিছাৰিছিল আৰু USA দিবলৈ অমান্তি হৈছিল। সেইয়েহে ইয়াক চীনক বিশ্ব বাসীৰ উচৰত ভাবমূৰ্তী বিনস্ত কৰিবৰ বাবে আমেৰিকাৰ পৰিকল্পিত ষৰ্যন্ত বুলি চীনে কব খুজিছে।

উল্লেখ যোগ্য যে ২০০৩ বৰ্ষতো চীনৰ পৰা SARS বিয়পিছিল। আৰু সেই সময়তো চীনত থিক একে পৰিস্থীতিয়েই বিৰাজ কৰিছিল। কিন্তু এই COVID-19 য়ে পূৰ্বৰ সকলো ৰেৰ্কড ভংগ কৰি বিশ্ব অতিমাৰীলৈ পৰিৱৰ্তণ হল।

ডাঃ লি ৱেনলিয়াং বন্ধুবৰ্গৰ মাজত সুবেই জনপ্ৰিয় আছিল। তেখেঁতে ৰোগীৰ সৈতেও সদায় বন্ধুত্ব সূলভ ব্যৱহাৰ কৰিছিল। কিন্তু যোৱা ডিচেম্বৰত সংঘটিত হোৱা এটা ঘটনাই হৰ্থৎ সমস্যা সৃষ্টি কৰি দিলে। তেখেঁতৰ এটা ব্যক্তি গত গ্ৰুপ আছিল সেই গ্ৰুপত তেওঁ দিয়া এটা লিখা SCREENSHOT চছিয়েল মেডিয়াত ব্যাপক ভাৱে প্ৰচাৰ হৈ গল। অকল চীনতেই নহয় সমগ্ৰ বিশ্বতে সেই SCREENSHOT ৰ ছবিখনে সলকনি তুলিলে। সেই SCREENSHOT ত আছিল-“নিশ্চিত কৰা হৈছে যে ৭ জন ব্যক্তি SARS যিটো কৰ’না ভইৰাছে সৃষ্টি কৰে তেনে এক দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈছে, আৰু তেওঁ ডাইগ্নচিচ (DIAGONSIS) ৰিৰ্পটো প্ৰস্তুত কৰিছিল। তেওঁ লিখা মেচেজৰ SCREENSHOT টোৰ ছবি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। প্ৰথমে চছিয়েল মেডিয়াত ব্যাপক প্ৰচাৰ হল, তাৰ পাছত সংবাদ মাধ্যমত প্ৰকাশ পালে। আৰু তেখেঁতে ইয়াৰ ভিডিঅ বৰ্তাত প্ৰেৰণ কৰিলে নিজৰ ব্যক্তিগত WE CHAT গ্ৰুপত,  আৰু তাৰ পাছত তেওঁ জনালে যে যি ৭ জন ব্যক্তি এই কৰ’না ভইৰাছত আক্ৰান্ত হৈছে সকলোকে আইচলেট (ISOLATE) কৰি জৰুৰী চিকিৎসা প্ৰদান কৰি থকা হৈছে। সকলো চিকিৎসকেই ব্যাপক সাৱধানতা অৱলন্বন কৰিবৰ বাবেও তেওঁ পৰামৰ্শ দিলে। ডা. লিয়ে ইয়াকো কলে যে এই তথ্য বাহিৰত যাতে কোনেও নজনাই, গ্ৰুপৰ ভিতৰতে যাতে থাকে সেই অনুৰোধো সকলোকে জনালে। কাৰণ বাহিৰত প্ৰকাশ হলে চীন চৰকাৰে খৰ্গহস্ত হৈ পৰিবত্ত পাৰে বা চীনৰ সাধাৰণ জনতা PENIC  হব পাৰে।

কিন্তু সমস্যাটো তেতিয়া উদ্ভৱ হল, যেতিয়া সেই গ্ৰুপৰ কথা বাৰ্তাৰ SCREENSHOT বাহিৰত প্ৰকাশ হল আৰু চীন চৰকাৰে গম পালে। ডা. লি ৱেনলিয়াং চুটিত ঘৰত থকাৰ সময়তে তেওঁৰ ওচৰলৈ WUHAN ৰ পুলিচ আহিল, পুলিচে তেওঁক কলে যে WUHAN PUBLIC SECURITY BUREAU ই এই সমগ্ৰ বিষয়ে তদন্ত কৰিছে আৰু আপোনাক এনেধৰণৰ বাৰ্তা নিদিবৰ কাৰণে সাৱধান কৰি দিছে, আৰু লগতে কলে ডা. লিয়ে যি কৰ’না ভইৰাছৰ কথা কৈছে তাৰু কোনো প্ৰমাণ নায় আৰু এনেধৰণৰ ভূল বাৰ্তা প্ৰেৰণ নকৰিবলৈও তেওঁক সকিয়াই দিলে। ৩০ ডিচেম্বৰত তেওঁ গ্ৰুপত মেচেজ কৰিছিল আৰু ৩ জানুৱাৰীত পুলিচ আহি তেওঁক সাৱধান কৰি দিছিল। আৰু এনে বাৰ্তা পুনৰ প্ৰচাৰ কৰিলে তেখেঁতক গ্ৰেপ্তাৰ কৰা হব বুলি ওহান পুলিচে সতৰ্ক কৰি দিছিল।

তাৰ পাছত ৮ জানুৱাৰীত কৰ্মত যোগদান কৰি তেওঁ অসুস্থহৈ পৰিল। যিহেতু তেখেঁতৰ চিকিৎসালয়তে কৰ’না ভইৰাছত আক্ৰান্ত ব্যক্তিক আইচোলেট কৰি ৰখা হৈছিল আৰু সেই ব্যক্তিৰ পৰা তেখেঁতৰ দেহলৈ এই নবেল কৰ’না ভইৰাছ সংক্ৰমন ঘটিল।

আৰু ৩১ জানুৱাৰী ২০২০ ত তেখেঁতক পুলিচে কি কি কৈছিল এই সকলোবোৰ কথা চছিয়েল মে়ডিয়াত প্ৰচাৰ কৰি দিলে। আৰু সকলো কথা জনাজাত হৈ গল। তাৰ পিছতেই জনসাধাৰণৰ মাজত ব্যপক প্ৰতিক্ৰিয়া হল। সেই সময়লৈকে যিহেতু এই ভাৰাছৰ চিনাক্ত কৰণ হোৱা নাছিল। গতিকে চীনৰ প্ৰশাসনে তেখেঁতক এই ভাইৰাছৰ সন্দৰ্ভত কোনো কথা চছিয়েল মেডিয়াত প্ৰকাশ কৰিবলৈ মানা কৰিছিল। তেখেঁত যেতিয়া কৰ’না ভইৰাছ ৰোগী সংস্পৰ্শলৈ আহিল তেখেঁতৰো জ্বৰ আৰু শুকান কাঁহ হবলৈ ধৰিলে, হাঁচি আদি লক্ষণ প্ৰকাশ পালে আৰু তেখেঁতৰ স্বাস্থ্য অৱনতি ঘটিল।

জ্বৰ, কাহ, হাঁচি আৰু উশা নিশাহত কষ্ট এই সকলো বোৰ নবেল কৰ’না ভইৰাছৰ লক্ষণ। ১৫-২০ দিনৰ ভিতৰত তেওঁ স্বাস্থ্য দ্ৰুত অৱনতি ঘটিল আৰু তেখেঁতক WUHAN CENTRAL HOSPITAL ৰ ICU ত ৰাখিব লগা হল। আৰু তাতে তেখেঁতক কোৱাৰেন্টাইন কৰি ৰখা হল। আৰু তেখেঁতৰ চিকিৎসাৰ সকলো উন্নত ব্যৱস্থাই কৰা হল। চীনৰ চিকিৎসা বিজ্ঞানৰ পৰিসৰৰ ভিতৰত যিমান পাৰে সকলো কৰা হল। ২০২০ ৰ ১ ফ্ৰেব্ৰুৱাৰী লৈকে নিশ্চিত হল যে তেখেঁতৰ সমগ্ৰ দেহত যিহেতু কৰ’না ভইৰাছৰ সংক্ৰমন বিয়পি গৈছে। বিশেষকৈ হাওঁফাওঁত বেয়াকৈ সমক্ৰমন ঘটিছে। গতিকে তেখেঁতক বছোৱা অসম্ভৱ হৈ পৰিছে, আৰু যেতিয়া তেখেঁতে হস্পিতেলাইজ হৈ আছিল তেতিয়া তেওঁ বন্ধু বৰ্গৰ লগত চছিয়েল মেডিয়া যোগে সকলে আপডেট জনাই আছিল। ৬ ফ্ৰেব্ৰুৱাৰীত তেখেঁতে বন্ধুবৰ্গক জনাইছিল যে তেখেঁতৰ স্বাস্থ্য বহু বেয়া হৈ গৈ আছে তেখেঁতে উশাহ লোৱাত কষ্ট পাইছে, উশাহ লব পৰা নাই অস্কিজেনৰ গ্ৰহণৰ যি পৰিসীমা প্ৰায় ৮৫%  অৱৰোধ হৈ গৈছে। তেখেঁতৰ যি হাৰ্টবিট (হৃদস্পণ্ডন) সেই দিনাই অৰ্থাত ৬ফ্ৰেব্ৰুৱাৰীত ৯-৩০ বজাত বন্ধ হৈ যায়। অৰ্থাত তেখেঁতৰ মৃত্যু হয়। আৰু ৭ ফ্ৰেব্ৰুৱাৰীত ২০২০ ত তেখেঁতৰ খবৰ আহে পূৱা ৩ বজাত। চিকিৎসালয় কৰ্তৃপক্ষই তেখেঁতৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

জানিব পৰা মতে তেখেঁতৰ মৃত্যু বাতৰি লাইভ ষ্টিমিং চলি আছিল আৰু সেই সময়ত চছিয়েল মেডিয়াত প্ৰায় দেৰ কোটি মানুহে তেখেঁতৰ মৃত্যুৰ সেই লাইভ ষ্টিমিং চাই আছিল। গতিকে গোটেই বিশ্ব জুৰি এই মৃত্যুৰ পিছত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহিল আৰু এই সন্দৰ্ভত ছচিয়েল মেডিয়াত #WEWANTFREEDOMOFSPEECH হেচ টেগ চলোৱা হল। এই হেচটেগ কেম্পেইনত বিশ্বত ইতিহাস সৃ্ষ্টি কৰি কেৱল ৫ মিনিটত ২ মিলিয়ন ভিউজ আৰু ৫৫০০ পষ্ট বিভিন্ন সচেতন মহলৰ পৰা কৰা হল। পিছত চীন চৰকাৰে চেন্সৰ কৰি এই বোৰ ৰিমোভ কৰি দিলে। কাৰণ এই সন্দৰ্ভত যিহেতু চীনৰ চৰকাৰ প্ৰশাসন তথা সমগ্ৰ চীনৰ বিশ্বত ভাৱমূৰ্ত্তি বিনষ্ট কৰিব পৰা কিছুমান বাতৰিও হয়তো কোনো কোনো মহলে দিবলৈ চেষ্টা কৰিছিল। কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব য়ে, চীনে এই নবেল কৰ’না মহামাৰী সুওব সুন্দৰ ভাৱে নিয়ন্ত্ৰণ কৰি ললে। বৰ্তমান চীনত স্বাভাবিক জীৱন যাত্ৰা অব্যহত আছে।

এতিয়া আহো ডাঃ লি ৱেনলিয়াং অক পৰিকল্পিত ভাৱে হত্যা কৰিছে নেকি চীনে? আমাৰ দেশৰ বিভিন্ন ধৰণৰ চছিয়্ল মিডিয়া, WHWTSAPP আদি গ্ৰুপ সমূহত ডা. লি ৱেনলিয়াংক চীনে পৰিকল্পিত ভাবে হত্যা কৰা বুলি কিছুমান প্ৰচাৰ চলি থকা পৰিলক্ষিত হৈছে। ইয়াকে লৈ বহুতৰে মনত বহু প্ৰশ্নও উদয় হৈছে। কিন্ত আমি যদি সাধাৰণ ভাবে চাবলৈ যাওঁ তেনে হলে এই কথা স্পষ্ট হৈ পৰে যে ডা. লি ৱেনলিয়াংঅক বছাবৰ বাবে চীনৰ চিকিৎসকে যথেস্থ প্ৰয়াস কৰিছে আৰু চীনৰ পৰীসৰত সকলো বিলাক উন্নত চিকিৎসাই প্ৰদান কৰা বুলি খবৰ পোৱা গৈছিল। আৰু তেখেঁতে নিজেই বন্ধু বৰ্গক সমগ্ৰ দেহত কৰ’না ভইৰাছৰ সংক্ৰমনৰ কথা জনাই আছিল। গতিকে তেখেঁত এই মহামাৰী কৰ’নাত মৃত্যু হোৱাতুহে সত্য।

ডা. হৰিকান্ত দাস, গোগামুখ,ধেমাজি।

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here