এনিমিয়া বা ৰক্তহীনতাৰ হোমিঅপেথিক চিকিৎসা

1
এনিমিয়া-বা-ৰক্ত-হীনতাৰ-হোমিঅপেথিক-চিকিৎসা
এনিমিয়া বা ৰক্তহীনতাৰ হোমিঅপেথিক চিকিৎসা

ৰক্তহীনতা

বিশ্বৰ জনসংখ্যাৰ প্ৰায় ২৫ শতাংশ লোক (অৰ্থাৎ ১.৬২ বিলিয়ন লোক) এনিমিয়াৰ ভূক্তভোগী ৷ ভাৰতবৰ্ষত ৫০ শতাংশ লোকেই এনিমিয়াগ্ৰস্ত ৷ এক ৰাষ্ট্ৰীয় সমীক্ষামতে প্ৰতি দুগৰাকীৰ ভিতৰৰ এগৰাকী মহিলা হ’ল এনিমিয়াৰ ভূক্তভোগী৷ আমাৰ অসমত ৭২ শতাংশ মহিলা ৰক্ত হীনতাৰ সমস্যাত ভূক্ত ভুগী। প্ৰতি ৫ টা প্ৰসৱকালীন মৃত্যুৰ এটাৰ কাৰণ হ’ল এনিমিয়া। প্ৰতি ডেচিলিটাৰত ৮ গ্ৰামৰ তলৰ হিমগ্লবিন থকা মহিলাৰ মৃত্যুৰ সম্ভাৱনা বেছি দেখা যায়৷

এনিমিয়াত ভোগা সম্ভাৱনা কাৰ বেছি থাকেঃ

সকলো বয়সৰ শিশু, মহিলা, গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলা, বৃদ্ধা, আৰু যিকোনো বয়সৰ পুৰুষ এনিমিয়াৰ ভূক্তভোগী হব পাৰে৷

হিমগ্লবিনৰ পৰিমান দেহত স্বাভাৱিক অৱস্থাত কিমান থাকিব লাগেঃ

পুৰুষৰ ১৩.৫ গ্ৰামৰ পৰা ১৭.৫ গ্ৰাম প্ৰতি ডেচিলিটাৰত আৰু

মহিলাৰ ১২ গ্ৰামৰ পৰা ১৫.৫ গ্ৰাম প্ৰতি ডেচিলিটাৰত।

শিশুৰ হিমগ্লবিন ১১ গ্ৰামৰ পৰা ১৩ গ্ৰাম প্ৰতি ডেচিলিটাৰত থাকিব লাগে।

এনিমিয়ালক্ষণ:-

এনিমিয়াৰ কাৰণৰ ওপৰত ভিত্তি কৰি ইয়াৰ লক্ষণো বিভিন্ন প্ৰকাৰৰ হয়। যেনে- অতিশয় ক্লান্ত বা ভাগৰুৱা অনুভৱ কৰা, অত্যাধিক দুৰ্বলতা, ছাল শেঁতা পৰা বা হালধীয়া ৰঙৰ হোৱা, অনিয়মিত হৃদস্পন্দন, উশাহ নিশাহ চুটি চুটি হোৱা, চকুৰে জিল মিল দেখা, বুকুৰ বিষ হোৱা, ভৰি হাত ঠাণ্ডা পৰি যোৱা আৰু ফুলি উঠা, মূৰৰ বিষ ইত্যাদি।

কিয় হয় ৰক্তহীনতা বা এনিমিয়াঃ

এনিমিয়া হলে শৰীৰত হিম’গ্লবিনৰ লগতে লোহিত ৰক্তকণিকাৰো অভাৱ ঘটে। সাধাৰণতে যেতিয়া শৰীৰত পৰ্য্যাপ্ত পৰিমাণৰ লোহিত ৰক্তকণিকাৰ উৎপত্তি নহয় তেতিয়া এনিমিয়া হব পাৰে, যদি কিবা কাৰণত দেহৰ পৰা যথেষ্ট পৰিমাণে ৰক্তক্ষৰণ বা ৰক্তক্ষয়ী হয় তেতিয়া এনিমিয়া হব পাৰে, কোনো কাৰণবশতঃ শৰীৰৰ লোহিত ৰক্তকণিকাসমূহ ধ্বংসপ্ৰাপ্ত হৈ গৈ থাকিও এনিমিয়া হব পাৰে।

 এনিমিয়াৰ প্ৰকাৰঃ

কেইবা প্ৰকাৰৰ এনিমিয়া দেখিবলৈ পোৱা যায় আৰু ইয়াৰ কাৰণো ভিন ভিন হয়। এনিমিয়া ক্ষণস্থায়ী বা দীৰ্ঘম্যাদী হব পাৰে আৰু ইয়াৰ লক্ষণসমূহো কাৰণ অনুযায়ী সাধাৰণৰ পৰা ভয়ানক ধৰণৰ হব পাৰে। কিছুমান এনিমিয়া স্বাস্থ্যসন্মত খাদ্যাভাসৰ জড়িয়তে নিৰাময় কৰিব পৰা যায়।

আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতা :-

আটাইটকৈ বেছিভাগ মানুহৰ মাজতেই এই আইৰণৰ অভাৱত হোৱা ৰক্ত হীনতা দেখিবলৈ পোৱা যায়। ৰক্তহীনতা বুলি কলে সাধাৰণতে যিটো ধাৰণা মনলৈ আহে সেইটো হ’ল আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতা। আমাৰ শৰীৰত হিম’গ্লবিন উৎপন্ন হবলৈ আয়ৰণৰ প্ৰয়োজন হয়। আয়ৰণ যদি পৰ্য্যাপ্ত পৰিমানে নাপায় আমাৰ শৰীৰে লোহিত ৰক্তকণিকাৰ বাবে প্ৰয়োজনীয় হিম’গ্লবিন উৎপন্ন কৰিবলৈ অক্ষম হয়। অধিক সংখ্যক গৰ্ভৱতী মহিলাই আয়ৰণৰ অভাৱত এনেধৰণৰ ৰক্তহীনতাত ভুগা দেখা যায়।

ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা :-

শৰীৰত লোহিত ৰক্তকণিকাৰ উৎপত্তিৰ বাবে আইৰণৰ উপৰিও ফলিক এচিড আৰু ভিটামিন বি ১২ ৰ প্ৰয়োজন হয়। ভিটামিন বি ১২ আৰু ফলিক এচিডৰ অভাব ঘটিলে আমাৰ শৰীৰে পৰ্য্যাপ্ত লোহিত ৰক্তকণিকা আৰু হিম’গ্লবিন উৎপন্ন কৰিব নোৱাৰে। ভিটামিন বি ১২ ৰ অভাৱত শৰীৰত অন্যান্য সমস্যাই দেখাদিয়ে, ইয়াৰ ভিতৰত-

Megaloblastic anaemia :-

মেগালোব্লাস্তিক এনিমিয়াৰ ফলত উশাহ নিশাহ চুটি চুটি হোৱা, শৰীৰৰ মাংসপেশীৰ দুৰ্বল হোৱা, ছাল শেঁতা পৰি যোৱা, জিভাৰ প্ৰদাহ বা ফোলি যোৱা, খাদ্যৰ প্ৰতি অৰুচি বা ভোক নলগা, শৰীৰৰ ওজন হ্ৰাস হোৱা, ডায়েৰিয়া, বমি বমি ভাব, হৃদস্পন্দন দ্ৰুত হোৱা বা বুকু ঢপ ঢপনী, হাত ভৰিৰ জিনজিননি আৰু অৱস অনুভব কৰা, কেতিয়াবা মেলানিনৰ অধিক নি:সৰণৰ ফলত শৰীৰৰ বিভিন্ন ঠাইৰ ছালত ক’লা ক’ লা দাগ হোৱাও দেখা যায়। এই এনিমিয়াত তেজত ভিটামিন বি ১২ বা ফলিক এচিড বা দুইটাৰে অভাৱ ঘটিব পাৰে। পৰ্য্যাপ্ত ভিটামিন বি ১২ আৰু ফলিক এচিড যুক্ত খাদ্য সেৱন নকৰিলে এনেধৰণৰ ৰক্তহীনতাৰ সৃষ্টি হয়।

Pernicious anaemia :-

আমাৰ পাচনতন্ত্ৰৰ ক্ষুদ্ৰান্ত্ৰৰ বেৰত Gastric intrinsic factor বুলি এবিধ Glycoprotein থাকে যিয়ে খাদ্যৰ পৰা পোষকতত্ব শোষণ কৰাত সহায় কৰে। যদি কিবা কাৰণত এই Gastric intrinsic factor ৰ পৰিমাণ কমি যায় তেন্তে ক্ষুদ্ৰান্ত্ৰই পোষকতত্বৰ লগতে ভিটামিন বি ১২ ও শোষিত কৰি লব নোৱাৰে। ফলত শৰীৰত ভিটামিন বি ১২ ৰ অভাৱ পৰিলক্ষিত হয় আৰু ৰক্তহীনতাই দেখাদিয়ে। এই অৱস্থাটোক pernicious anaemia বুলি কোৱা হয়। ইয়াৰ উপৰিও অন্ত্ৰত হোৱা বিভিন্ন অণুজীৱৰ সংক্ৰমণ, কোনো দীৰ্ঘদিনীয়া গুৰুতৰ ৰোগ, অস্ত্ৰোপচাৰ কৰি পাকস্থলী বা ক্ষুদ্ৰান্ত্ৰৰ কোনো অংশ আতৰাই পেলোৱা, HIV ৰ সংক্ৰমণ ইত্যাদি কাৰণতো এনেধৰণৰ ৰক্তশূণ্যতা হব পাৰে।

ইয়াৰ উপৰিও কিছুমান ঔষধৰ সেৱন যেনে – দীৰ্ঘ দিন ধৰি বিষ নাশক বা পেইন কিলাৰ ঔষধৰ খোৱাৰ ফলত হোৱা গেষ্ট্ৰিক আলচাৰৰ বাবে, অত্যাধিক মদ খোৱাৰ বাবে, অন্ত্ৰত হোৱা কিছুমান বেমাৰ, গেষ্ট্ৰিক বা ডিউডেননামৰ আলচাৰ বা ঘাঁ, স্টমাকৰ গুৰুতৰ বিসংগতি ইত্যাদিৰ বাবেও এই সমস্যা হব পাৰে।

হাড়ৰ মজ্জাৰ বিসংগতিৰ ফলত উৎপন্ন হোৱা ৰক্তহীনতা:-

হাড়ৰ মজ্জাত থকা কিছুমান কোষৰ পৰা আমাৰ শৰীৰত লোহিত ৰক্তকণিকাৰ উৎপত্তি হয়। যদি এনে ধৰণৰ কোষৰ পৰিমান কিবা কাৰণত কমি যায় বা কোষবিলাক বিসংগতি বা আসোঁৱাহপূৰ্ণ হয় বা এই কোষবিলাকৰ ঠাইত অন্য কোনো বিসংগতিপূৰ্ণ কোষৰ সৃষ্টি হয় যেনে- কৰ্কট ৰোগৰ কোষ তেন্তে লোহিত ৰক্তকণিকাৰ সৃষ্টিত ব্যাঘাত জন্মে আৰু ফলত ৰক্তহীনতাৰ সৃষ্টি হয়।

হাড়ৰ মজ্জাৰ বিসংগতিৰ ফলত সৃষ্টি হোৱা ৰক্তহীনতাৰ ভিতৰত হল-
Aplastic anaemia :-

এই ৰক্তহীনতাৰ সমস্যা হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকা সৃষ্টিকাৰী কোষৰ অতিমাত্ৰা হ্ৰাস বা ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত উৎপন্ন হয়। ই জন্মগত হব পাৰে বা কোনো ঔষধৰ সেৱনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও বহ পাৰে, কোনো ৰোগৰ বাবে ৰেডিয়েচন ব্যৱহাৰ কৰা, কেন্সাৰ ৰোগীক কেমো থেৰাপী দিয়াৰ বাবে আৰু হাড়ৰ মজ্জাৰ সংক্ৰমণ বা আঘাতৰ ফলতো এই Aplastic anaemia সৃষ্টি হব পাৰে।

থেলাচেমিয়াঃ

থেলাচেমিয়া এটা জন্মগত ৰক্তবিসংগতি। এই ৰেগ হলে শৰীৰত লোহিত ৰক্তকণিকাৰ উৎপাদন কমি যায় আৰু হিম’গ্লবিনৰো কমকৈ সৃষ্টি হয়। ফলত শৰীৰত ৰক্তহীনতাই দেখাদিয়ে আৰু দেহ কোষবোৰে পৰ্য্যাপ্ত অক্সিজেন যোগান নাপায়।

অন্যান্য সমস্যা বা বেমাৰৰ বাবে হোৱা ৰক্তহীনতাঃ

দীৰ্ঘ দিনীয়া (chronic) কিডনী বিকলতা, হাইপথাইৰডিজিম, কিছুমান কৰ্কট ৰোগ, সংক্ৰমণ জনিত কাৰণতো ৰক্ত শূণ্যতা হব পাৰে, ডায়েবেটিছ, ৰিউমেটইড্ আৰ্থাটিচ্, জীৰ্ণ বা পুৰণি লিভাৰৰ বেমাৰ আদি।

অন্যহাতে হঠাৎ শৰীৰৰ পৰা অস্বাভাৱিক হাৰত ৰক্তক্ষৰণ হোৱা, যেনে- কোনো দুৰ্ঘটনাৰ ফলত হঠাৎ ৰক্তশূণ্যতাই দেখাদিব পাৰে। মহিলাৰ অত্যধিক মাহেকীয়া ঋতুস্ৰাৱৰ ফলত, ৰক্তস্ৰাৱযুক্ত পাইলচ বেমাৰত, মেলিনা, দাঁতৰ গুৰিৰ পৰা হোৱা ৰক্তক্ষৰণ, ulcerative colitis ত পায়খানাৰ লগত সঘনাই তেজ গৈ থাকিলেও ৰক্ত হীনতাৰ সমস্যাই দেখাদিব পাৰে। কিছুমান সংক্ৰমণ (infection) যেনে – viral hepatitis ৰ ফলত হোৱা জণ্ডিচ, কিছুমান ঔষধ সেৱনৰ ফলত , সাপৰ বিষ ইত্যাদিৰ প্ৰভাৱতো ৰক্তশূণ্যতা হব পাৰে।

Sickle cell anaemia:

ই এটা জন্মগত সমস্যা আৰু কেতিয়াবা ভয়ানক ৰূপো লব পাৰে। এই বেমাৰটোত শৰীৰৰ তেজৰ হিম’গ্লবিন বিলাকৰ অস্বাভাৱিক আকৃতি (ইংৰাজী ”C” বা কাঁছি আকৃতি)ৰ হৈ যায়। ফলত নিৰ্দিষ্ট সময়ৰ আগতে লোহিত ৰক্ত কণিকা সমূহ ধ্বংসপ্ৰাপ্ত হয় আৰু তেজত এই লোহিত ৰক্তকণিকাৰ নাটনি হৈ ৰক্তহীনতাৰ সৃষ্টি হয়।
ইয়াৰ উপৰিও মানুহৰ অন্ত্ৰত (Intestine) ত হোৱা কৃমিৰ বাবেও ৰক্তহীনতাৰ সৃষ্টি হব পাৰে। কাৰণ অন্ত্ৰৰ কৃমি বিলাকে অন্ত্ৰৰ বেৰত থিতাপি লৈ আমাৰ খাদ্যৰ পৰা উৎপন্ন পোষকতত্ব বিলাক শুহি লয় আৰু ইয়াৰ বাবে আমাৰ শৰীৰত ৰক্তহীনতাৰ সৃষ্টি হয় ।

ৰক্তহীনতাৰ বাবে হব পৰা জটিলতাঃ

যদি সঠিকভাৱে চিকিৎসা কৰা নহয় তেন্তে ৰক্তহীনতাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যা বা জটিলতাৰ সৃষ্টি হব পাৰে। ইয়াৰ ভিতৰত-

অতিশয় ভাগৰুৱা হোৱাঃ

অত্যাধিক ৰক্তহীনতাৰ ফলত ব্যক্তি এজন অতিশয় ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু নিজৰ দৈনন্দিন কাম কাজত অসুবিধাৰ সন্মুখীন হব পাৰে।

গৰ্ভাৱস্থাৰ জটিলতাঃফলিক এচিডৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে গৰ্ভৱতী মহিলাৰ এগৰাকীৰ বহুতো জটিলতাৰ সৃষ্টি হব পাৰে। যেনে- সময়ৰ আগতে সন্তান প্ৰসৱ হব পাৰে। লগতে শাৰীৰিক বা মানসিক বিকাৰগ্ৰস্ত সন্তান প্ৰসৱ হোৱাৰ সম্ভাৱনাও বৃদ্ধি হব পাৰে।

হৃদৰোগঃ

ৰক্তহীনতাৰ ফলত দ্ৰুত আৰু অনিয়মিয়া হৃদস্পন্দনৰ সৃষ্টি হব পাৰে। ৰক্তহীনতাৰ ফলত শৰীৰৰ কোষসমূহৰ অক্সিজেনৰ অভাৱ পূৰাবলৈ হৃদপিণ্ডই অধিক হাৰত তেজ পাম্প কৰিবলগীয়া হয়। ইয়াৰ ফলত (cardiomegally) বা হৃদপিণ্ডটো ফোলি যাব পাৰে। অনকি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ (heart failure) হৈ যাব পাৰে।

ৰক্তহীনতাৰ বাবে মৃত্যু হব পাৰেঃ

কিছুমান জন্মগত ৰক্তদ্যুষ্টি ৰক্তবিকাৰ যেনে- sickle cell anaemia ৰ ফলত শৰীৰত খুওব কম সময়ৰ ভিতৰত অধিক তেজৰ কোষ ধ্বংস হৈ যাব পাৰে। ফলত মানুহৰ মৃত্যু পৰ্য্যন্ত হব পাৰে।

প্ৰতিৰোধঃ

বহুতো প্ৰকাৰৰ ৰক্তহীনতা প্ৰতিৰোধ কৰিব পৰা যায়। তেনে দৰে আয়ৰণ আৰু ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা আয়ৰণ আৰু ভিটামিন যুক্ত খাদ্যৰ সেৱনৰ দ্বাৰা দূৰ কৰিব পৰা যায়।

আয়ৰণ যুক্ত খাদ্যৰ ভিতৰত মাংস, বীন, দাইল, সেউজীয়া শাক, শুকান ফল, আমলখি, খেজূৰ ইত্যাদি সেৱনৰ জড়িয়তে এনে ধৰণৰ ৰক্তহীনতা বাধা দি ৰাখিব পৰা যায়।ফলিক এচিড, ফলমূল আৰু ফলমূলৰ ৰস, সেউজীয়া শাক-পাচলি, সেউজীয়া মটৰ, ৰাজমাহ, বাদাম, দাইল ইত্যাদিৰ দ্বাৰা আইৰণৰ অভাৱ পূৰণ কৰিব পৰা যায়।

ভিটামিন বি ১২ সাধাৰণতে মাংস, গাখীৰ বা গাখীৰৰ দ্বাৰা বনোৱা খাদ্য, ধান বা ঘেঁহুৰ পৰা বনোৱা খাদ্য-শস্য, ছয়াবিন ইত্যাদিত পোৱা যায়।

ভিটামিন চি টেঙা ফল আৰু ফলৰ ৰস যেনে :- আমলখি, নেমু, সেউজীয়া ফুলকবি (broccoli), তৰমুজ, বিলাহী, ষ্ট্ৰবেৰী ইত্যাদিত পোৱা যায়। ই শৰীৰক আয়ৰণ শোষণ কৰাত সহায় কৰে।

পৰীক্ষাগাৰত কৰিবলগীয়া পৰীক্ষাঃ

তেজৰ সম্পূৰ্ণ কোষৰ সংখ্যা নিৰ্ণয় (CBC)
হিম’গ্লবিন নিৰ্ণয়
তেজৰ কোষবিলাকৰ আকাৰ আৰু আকৃতিৰ পৰীক্ষা
ইয়াৰ উপৰিও লক্ষণ অনুসৰি বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হয়।

চিকিৎসাঃ

১) আয়ৰণ আৰু ফলিক এচিডৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে আয়ৰণ আৰু ফলিক এচিড পৰিপূৰক (Supplement) দিয়া হয় ।

২) ৰক্তক্ষৰণৰ বাবে হোৱা ৰক্তহীনতাৰ বাবে ৰক্তক্ষৰণ বন্ধ কৰিবলৈ ঔষধ দিয়া হয়।

৩) ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে ভিটামিন যুক্ত খাদ্য খোৱাৰ পৰামৰ্শ দিয়া হয়। লগতে ঔষধৰো প্ৰয়োগ কৰা হয়।

৪) কোনো জীৰ্ণ বা পুৰণি বেমাৰৰ বাবে হোৱা ৰক্তহীনতাৰ ক্ষেত্ৰত বেমাৰটোৰ চিকিৎসা কৰা হয়।

৫) Aplastic anemia ৰ ক্ষেত্ৰত ৰক্ত সঞ্চৰণ (blood transfusion) ৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে হাড়ৰ মজ্জা সংৰোপিত (bone marrow transplantation) কৰিব লাগিব পাৰে।

৬) হাড়ৰ মজ্জাৰ কোনো সমস্যাৰ বাবে হোৱা ৰক্তহীনতাত কেমো থেৰাপীৰ লগতে হাড়ৰ মজ্জা সংৰোপনৰ পৰামৰ্শ দিয়া হয়।

৭) ৰক্তকণিকা ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত হোৱা ৰক্তহীনতাৰ বাবে কাৰণ অনুযায়ী চিকিৎসা কৰিব লাগে।
তেনেদৰে sickle cell anemia আৰু থেলাচেমিয়াৰ ক্ষেত্ৰত বিভিন্ন ঔষধ, ৰক্ত সঞ্চৰণ, হাড়ৰ মজ্জা সংৰোপন ইত্যাদি চিকিৎসা ব্যৱহাৰ কৰা হয়।

ডা.হৰিকান্ত দাস।

1 COMMENT

  1. Being a layman I like the your medical advice with giving the details of illness and name of medicines required for the illness which I like,

LEAVE A REPLY

Please enter your comment!
Please enter your name here