অত্যাধিক পানী খালে কিডনি বেয়া হব পাৰেঃ
৭৫% পানীৰে গঠিত মানৱ শৰীৰ। জন্মতে এটি শিশুৰ দেহত সৰ্ব্বমূঠ ৭৫% শতাংশ পানী থাকে। লাহে লাহে যেতিয়া প্ৰাপ্ত বয়স্ক হয় তেতিয়া এজন সুস্থ ব্যক্তিৰ শৰীৰত পানীৰ পৰিমান ৬০% হয় গৈ। আৰু মহিলাৰ শৰীৰত ৫৫% ।
এতিয়া আহো এই বৃহৎ পৰিমাণৰ পানী আমাৰ শৰীৰৰ কত কত থাকেঃ
গাঁঠিৰ বিষ, কুষ্ঠ কাঠিন্য, মাইগ্ৰেন, মুখত কলা দাগ, ব্লেগহেড আৰু শাল মইনা হোৱা, চুলি সৰা, ধাৰাবাহিক ভাৱে চুলি সৰা আদি বৃদ্ধি হব পাৰে। খাদ্য ভাল দৰে হজম নোহোৱা, শৰীৰৰ দূৰ্বল অনুভৱ কৰা, ৰাতি ভাল দৰে টোপনী নহা, কিডনী সমন্ধীয় বেমাৰ, ছাল শুকাই যোৱা, গেছ, ইউৰিক এচিড, শৰীৰৰ ওজন বৃদ্ধি হোৱা, শৰীৰৰ শিৰা সমূহ দূৰ্বল হোৱা আদি বহু বেমাৰ কেৱল পানী পাণ কৰাৰ অনিয়মৰ বাবেই হয়।
আহক আমি জানো কেনেকৈ আৰু কিমান পৰিমানে পানী পাণ কৰিব লাগে, কেতিয়া আৰু কেনেকৈ পাণ কৰিব লাগিব, আৰু বিভিন্ন সমস্যা পৰা কেৱল পানী পাণ কৰি কেনেকৈ উপকাৰ পাব পাৰি।
আমি পানী কেতিয়া কেতিয়া খাব লাগিব সেই বিষয়টোতকৈ কেতিয়া আমি পানী খাব নালাগে সেই বিষয়টোহে বেছি গুৰুত্ব দিব লাগে। কিয়নো ভুল পদ্ধতি আৰু আনুপযুক্ত সময়ত পানী খালে আমাৰ শৰীৰত আটাইতকৈ বেয়া প্ৰভাৱ পৰে।
এতিয়া জানো আহক পানী আমি কেতিয়া খাব নালাগেঃ-
কেতিয়াও খাদ্য খোৱাৰ আগে আগে আৰু খাদ্য খোৱাৰ পাছতেই পানী নাখাব। কাৰণ এনে কৰিলে খোৱা খাদ্য অন্তঃত বেছি পাতল হৈ যায় আৰু খাদ্য হজম নহয়। যেতিয়া আমি খাদ্য খাওঁ তাৰ পাছতেই খাদ্য হজম কৰিব বাবে পাচক ৰস সৃষ্টি হবলৈ আৰম্ভ কৰে। যেনেদৰে আমি কেচাঁ খাদ্যক গৰম কৰি খিজাও ঠিক তেনেদৰে পাছক ৰসে নিৰ্দিষ্ট উষ্ণতাত পেটত জমা হোৱা খাদ্য হজম কৰিবলৈ সক্ষম হয়। খাদ্য খোৱাৰ লগে লগে পানী খালে খাদ্য ভালদৰে হজম নহয় গেছ হবলৈ ধৰে।
যদি আপোনাৰ গোটেই দিন বহি থকাৰ কাম তেনে হলে খাদ্য খোৱা লগে লগে পানী খোৱাৰ বাবে হোৱা গেছ আমাৰ শৰীৰৰ বিভিন্ন অংগত জমা হৈ যাব পাৰে। যাৰ বাবে সময়ৰ লগে লগে পেট, বুকু আৰু অস্হিসন্ধি বিষ হোৱাৰ সমস্যা হবলৈ ধৰে। পেটৰ খাদ্য হজম নোহোৱাৰ বাবে আটাইতকৈ বেছিকৈ হোৱাৰ সমস্যাটো হল এছিডিটি। আৰু যি সকল ব্যক্তিয়ে সদায় খাদ্য খোৱাৰ লগে লগে পানী খাই লয় তেনে লোকে দিঘলীয়া সময় ধৰি পেটৰ জ্বলা পোৰা আৰু এছিডিটিৰ সমস্যা সন্মুখীন হব লগা হয়। যদি বহুদিন ধৰি পেটত জমা হোৱা খাদ্য ভালদৰে হজম নহয় তেতিয়া শৰীৰত কলেষ্টৰেল বাঢ়িবলৈ ধৰে আৰু লগতে শৰীৰত ইউৰিক এচিড অধিক মাত্ৰাত বৃদ্ধি হয়। সেয়েহে খাদ্য খোৱাৰ আগত বা পাছত লগে লগে পানী খাব নালাগে। সদায় খাদ্য খোৱাৰ ৪০ মিনিট বা ১ ঘন্টা পিছতহে পানী খাওঁক। যদি আপোনি বহুত শুকাণ খাদ্য খায় তেন্তে খাদ্য খোৱাৰ লগে লগে ২-৩ ঘোট পানী খাব পাৰে। কিন্তু তথাপিও যদি আপোনাৰ বেছি পানী খাব মন যায় তেন্তে নেমু পানী বা ফলৰ ৰস খাব। লগতে ৰাতি খাদ্য খোৱাৰ পিছত পানীৰ ঠাইত গাখীৰ খাব পাৰে। যদি পূৱা পানী খায় তেনেহলে প্ৰস্ৰাৱ কৰা আগতেই খাওঁক।
তেনেদৰে দিনটো প্ৰস্ৰাৱ কৰি উঠাৰ লগে লগেই পানী কেতিয়াও নাখাব। কাৰণ এনে কৰিলে ঘনাই ঘনাই প্ৰস্ৰাৱ লগা আৰু পানী ভালদৰে হজম নোহোৱাৰ সমস্যা উৎপন্ন হব পাৰে। আৰু পানী খোৱাৰ পিছতেই বাৰে বাৰে প্ৰস্ৰাৱ হব পাৰে।
চাহ কফি আদি গৰম বস্তু খোৱাৰ লগে লগেই পানী নাখাব, কাৰণ এনে কৰিলে আমাৰ ডিঙি আৰু টনচিল গন্থি ক্ষতি হব পাৰে। ঠিক তেনেদৰে ঠাণ্ডা ফল, ফ্ৰিৰ্জত ৰখা ফল-মূল, অত্যন্ত ৰস যুক্ত ফল খোৱাৰ পাছতেই পানী খোৱা বন্ধ কৰক। কাৰণ পানী খোৱাৰ বাবে এই বোৰ আমাৰ পেটত হজম হব নোৱাৰে যাৰ বাবে চৰ্দি, কাহ আৰু পেটৰ বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। পানী সদায় লাহে লহে পি খাব লাগে যেনে দৰে আমি চাহ বা কফি খাওঁ। পানী খোৱাৰ পিছত অলপ সময় মুখত ৰাখি থওঁক তাৰ পিছত গিলক। এইটোৱেই পানী খোৱাৰ উত্তম উপায়। আৰু যি সকল ব্যক্তিয়ে এই অভ্যাস কৰি লয় তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ বেমাৰ সহজতে হবলৈ সুবিধা নাপায়। কাৰণ কম কমকৈ পানী খালে, পানী লগতে মুখৰ লেলাওতিও পেটলৈ যায়। এই নিয়ম পুৱাৰ সময়ত আটাইতকৈ উপযোগী হয়।
কেতিয়াও খৰধৰকৈ পানী নাখাব আৰু একেলগে বহুত পানী নাখাব।
কাৰণ আমাৰ শৰীৰত এবাৰত ১ গিলাছ অথবা ২০০ পৰা ২৫০ এম এল পানী হজম কৰিব পৰা ক্ষমতা আছে। যদি আপোনি বেছি পানী খোৱাৰ হেঁপাহত একেবাৰতে বহুত বেছি পানী পি লয় তেনে হলে এনে পানী আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে আৰু প্ৰস্ৰাৱৰ দ্বাৰা সোনকালে বাহিৰ হৈ যায়। সেইয়েহে প্ৰতি ৪০ মিনিট বা ১ ঘন্টাৰ ভিতৰত ২ গিলাচ পানী পি খাওক। আৰু গিলাচ বা বটলত মুখ লগাই খাওঁক। কেতিয়াও ওপৰৰ পৰা খৰধৰকৈ বহুত বেছি পানী একে লগে নাখাব আৰু লগতে সদায় পানী বহি লৈ হে খাওঁক। থিয় হৈ বা খোজঁ কাঢ়ি গৈ থাকোতে পানী নাখাব। কাৰণ এনে কৰিলে পানী শৰীৰত ধীৰ গতিত প্ৰৱ্শে কৰে আৰু ওপৰৰ পৰা খোৱাৰ বাবে ইয়াৰ লগতে বহুত গেছও শৰীৰলৈ যায়। যাৰ ফলত শৰীৰৰ অন্তঃত হেঁচা বা চাপ সৃষ্টি হয়।
লগতে পানীৰ সৈতে মুখৰ লেলাৱতি পেটলৈ যোৱাৰ বাবে পাচন শক্তি ভাল হয় আৰু পেটত চৰ্বি জমা নহয়। যদি আপোনি খৰধৰকৈ আৰু থিয় হৈ পানী খায় তেতিয়া আমাৰ অন্তঃ আৰু নাৰ্ভ কমযোৰ হয় আৰু শৰীৰত গেছৰ মাত্ৰা বৃদ্ধি হয়। যি পিছত গাঁঠিৰ বিষ উৎপন্ন কৰিবলৈ লয়।
বহু মানুহে ভাৱে যে ফ্ৰিৰ্জৰ ঠাণ্ডা পানীয়েহে শৰীৰতো ঠাণ্ডা কৰে। কিন্তু এনেকুৱা নহয়, ঠাণ্ডা বা বৰফৰ পানী যেতিয়া আমাৰ শৰীৰলৈ যায় তেতিয়া ই ঠাণ্ডা হয় সঁচা কিন্তু অলপ সময়ৰ পিছতেই ই বহু গৰম হৈ যায়। আৰু আমাৰ শৰীৰটো ঠাণ্ডা কৰা পৰিৱৰ্তে গৰম কৰিব লাগি যায়। ঠাণ্ডা পানী খোৱাৰ উপকাৰিতা একেবাৰে নগন্য হয়। যিসকল লোকে সদায় ঠাণ্ডা পানী খোৱাটো পচন্দ কৰে তেওঁলোকৰ শৰীৰত পানীৰ লগতে খাদ্যও ভালদৰে হজম নহয়। আৰু লগতে বিষ, বদ হজম আৰু কুষ্ঠ কাঠিন্য আদি সমস্যা বেছিকৈ ঠাণ্ডা পানী পিয়াৰ বাবেও হব পাৰে। সেইয়েহে সদায় ঠাণ্ডা পানী খোৱাৰ পৰিৰ্ৱতে সামান্য তাপ মাত্ৰা পানী খাওঁক বা কুঁহুমীয়া গৰম পানী খাওঁক। ঠাণ্ডা আৰু বৰষুণৰ বতৰত গৰম পানী খালে্ আমাৰ শৰীৰত ভালেমান উপকাৰ হয়। কিয়নো গৰম পানী খোৱাৰ ফলত খাদ্য সহজে হজম হয়। আৰু যিসকল লোকৰ কোষ্ঠ কাঠিন্য আৰু গাঁঠিৰ বিষ থাকে সেই সকলে সদায় কুহুমীয়া পানী খাব লাগে। গৰম পানী খোৱা চৰ্দি, জ্বৰ আৰু চাইনোচাইটিছৰ বাবেও বহু ফল দায়ক হয়। কিন্তু যিসকলৰ এচিডিটি আৰু উচ্ছ ৰক্ত চাপৰ মস্যা আছে তেওঁলোকে গৰম পানী নোখোৱাই ভাল।
Dr.Harikanta Das
Phone-9954340102
ভিডিঅটো চাবৰ বাবে তলৰ লিংটো ক্লিক কৰক-
https://www.youtube.com/watch?v=DeH1JuA1YB8&list=LLRADMSiGl9UsDmD9_ePkIdw