🌱মিলনৰ ঋতু🌱

: কি ভালপোৱা?
: তোমাৰ হাঁহিৰ সেই কোমল পোহৰ—
যি পুৱাৰ প্ৰথম ৰ’দৰ দৰে
মোৰ হৃদয়ৰ শীতল, নিসংগ উপত্যকাত
লাহে লাহে নামি আহে।
তোমাৰ হাঁহিয়ে অবিশ্বাসৰ পৃথিৱীক
বিশ্বাস দি কৈ যায়,
অন্ধকাৰৰো এদিন শেষ আছে।
: আৰু?
: বসন্তৰ বতাহত উৰি ফুৰা
সুগন্ধি ফুলৰ পাহি;
যেনেকৈ সিহঁতে
মাটিৰ বুকুত ৰঙৰ সপোন সিঁচি যায়,
তোমাৰ উপস্থিতিয়েও
মোৰ দিনবোৰত
অজানিতে সেউজীয়া আশা জগায়।
: এতিয়া কি বিচাৰি ফুৰিছা?
: তোমাৰ কথাৰ মাজত
এটি নীৰৱ সুৰ বিচাৰি ফুৰিছোঁ—
যি সুৰে মোক ক’ব,
“অপেক্ষা শেষ নহয়,
কেতিয়াবা অপেক্ষাই
মিলনৰ পথ বনায়।”
: কি??
: উম…
মই বিচাৰোঁ
তোমাৰ হৃদয়ৰ আকাশত
মোৰ নামেৰে
এটি সৰু জোনাকৰ ঠাই।
য’ত দুয়ো একেলগে
বহিম নিৰবে নিতালে,
আৰু কথাবোৰে
নিশব্দে
প্ৰেমৰ অৰ্থ বুজিব।
যেনেকৈ নদীয়ে
পাহাৰৰ বুকু এৰি
সাগৰ বিচাৰি আগবাঢ়ে,
যেনেকৈ সন্ধিয়াৰ আকাশে
ৰাতিৰ তৰাবোৰক
আলিংগনৰ অপেক্ষা কৰে—
তেনেকৈয়ে মোৰ মনেও
তোমাৰ কাষলৈ
এটি নিশ্চিত বাট বিচাৰে।
তুমি যদি অলপ বিশ্বাস দিয়া,
মই মোৰ সকলো অস্থিৰতা
তোমাৰ হাতত থৈ দিম।
তুমি যদি এবাৰ কোৱা—
“আহিবা”—
মই সময়ৰ সকলো দূৰত্ব অতিক্ৰম কৰি
তোমাৰ কাষলৈ আহিম।
কাৰণ,
তুমি কেৱল মোৰ কবিতাৰ উৎস নহয়;
তুমি সেই বসন্ত,
যাৰ অপেক্ষাত
মোৰ হৃদয়ৰ গোলাপৰ পাহিবোৰ
যহি খহি
আকৌ ফুলিবলৈ শিকিছে।
এদিন, নিশ্চয়—
দুয়োৰে নীৰৱতাই
একে ভাষা হ’ব,
দুয়োৰে সপোনে
একে আকাশ চুব;
আৰু আমাৰ প্ৰেম—
আজিৰ এই দূৰত্ব এৰায়
এটি দীঘল, মিঠা,
মিলনৰ কবিতা হ’ব।


